আৰিয়ান খানৰ জামিন খাৰিজ! মাতৃৰ জন্মদিনতো ঘৰলৈ উভতিব নোৱাৰিলে আৰিয়ানে

Aryan Khan

মাতৃৰ জন্মদিনতো ঘৰলৈ উভতিব নোৱাৰিলে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে।

আজি আৰিয়ানৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদনৰ শুনানি আছিল। 

সেই আবেদন নাকচ কৰে আদালতে। কেৱল আৰিয়ানেই নহয়, তেওঁৰ সংগী মুনমুন ধামেচা আৰু আৰবাজ মাৰ্চেণ্টৰো জামিনৰ আবেদন মঞ্জুৰ নকৰিলে আদালতে।

৭ অক্টোবৰ পৰ্যন্ত আৰিয়ানক এনচিবিৰ জিম্মাত থকাৰ নিৰ্দেশ দিছিল আদালতে। 

কিন্তু ১৪ দিনৰ বাবে আৰিয়ানক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে আদালতে। তাৰ পিছতে আৰিয়ানৰ অধিবক্তা সতীশ মানশিন্দেই অন্তৰ্ৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনায়। কিন্তু সেই আবেদনো খাৰিজ কৰে আদালতে।

Category
Profile picture for user UB Photos