বলীউডত আত্মপ্ৰকাশৰ বাবে সাজু শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান!

Aryan Khan

ড্ৰাগছ বিতৰ্কৰ পিছত বলীউডত আত্মপ্ৰকাশৰ বাবে লাহে লাহে সাজু হৈছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান।

বলীউডত অতি শীঘ্ৰেই এজন চিত্ৰনাট্যকাৰ ৰূপত দেখা যাব আৰিয়ানক। শেহতীয়া খবৰ মতে এজন লিখকৰ ৰূপত বলীউডত কেৰিয়াৰ আৰম্ভ কৰিব আৰিয়ানে।

Pinkvillaই প্ৰকাশ কৰা বাতৰি মতে আৰিয়ান খানে কেইবাটাও আইডিয়াক লৈ বলীউডত খোজ দিবলৈ আগবাঢ়িছে।

বাতৰি মতে ইয়াৰে দুটা আইডিয়া গ্ৰহণ কৰাও হৈছে। চিনেমা আৰু ৱেব ছিৰিজৰ ধাৰণাত এই আইডিয়াসমূহ সাজু কৰিছিল আৰিয়ান খানে।

বাতৰি মতে ৱেব ছিৰিজৰ আইডিয়া এটা  Amazon Primeৰ বাবে বাছনি কৰা হৈছে আৰু চিনেমাৰ আইডিয়াটো শ্বাহৰুখ খানৰ হোম প্ৰডাকচন ৰেড চিল্লীজ এণ্টাৰটেইনমেণ্টে গ্ৰহণ কৰিছে।

আমাজন প্ৰাইমে গ্ৰহণ কৰা আইডিয়াটোৰ কাহিনী এজন ডাই হাৰ্ড ফেনৰ য'ত যথেষ্ট পৰিমাণে থ্ৰিলিং এলিমেণ্ট আছে। কিন্তু চিনেমাখনৰ কাহিনীৰ বিষয়ে এই পৰ্যন্ত বিশেষ জানিব পৰা হোৱা নাই।

Category
Profile picture for user UB Photos