World's Largest Khadi National Flag

জাতিৰ পিতা মহাত্মা গান্ধীক সুঁৱৰি দেশজুৰি পালন কৰা হৈছে গান্ধী জয়ন্তী। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লাডাখৰ লেহতো পালন কৰা হৈছে গান্ধী জয়ন্তী।

লেহ চহৰত সংস্থাপন কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ খাদীৰ জাতীয় পতাকা। ১০০০ কেজি ওজনৰ এই পতাকাৰ দৈৰ্ঘ্য হৈছে ২২৫ ফুট আৰু প্ৰস্থ হৈছে ১৫০ ফুট। জাতীয় পতাকাখন নিৰ্মাণ কৰি উলিয়াইছে ভাৰতীয় সেনাৰ ৫৭জন ইঞ্জিনিয়াৰে।

লাডাখৰ লেফটেনেন্ট গৱৰ্ণৰ আৰ কে মাথুৰে উন্মোচন কৰে এই বৃহতাকাৰ পতাকাখন। গান্ধী জয়ন্তীৰ দিনটোতে উন্মোচন কৰা হৈছে খাদীৰে নিৰ্মিত জাতীয় পতাকাৰ। এই অনুষ্ঠানত উপস্থিত থাকে ইউনিয়ন স্বাস্থ্য মন্ত্ৰী মানসুখ মান্দভিয়া।