মহা অৰণ্য

‘মহা অৰণ্য’ উপন্যাসৰ স্ৰষ্টা ডঃ অনুজ বৰুৱাৰ দেহাৱসান। নিশা GMCHত মৃত্যু হয় ঔপন্যাসিকজনৰ। মৃত্যুৰ সময়ত বৰুৱাৰ বয়স আছিল ৫৭ বছৰ।

কৃষি বিজ্ঞানী হিচাপে সকলোৰে মাজত পৰিচিত আছিল বৰুৱা। লোভনীয় চাকৰি এৰি কৃষিকৰ্মত আত্মনিয়োগ কৰিছিল বৰুৱা ক্ষেত্ৰীত ‘কৃষি জিজ্ঞাস’ নামৰ কৃষিপামৰ স্ৰষ্টা।

‘আলহী ঘৰ’ নামৰ ৰেস্তোৰা খুলি তাতেই ব্যস্ত আছিল বৰুৱা। পেট্ৰ’লিয়াম টেকন’লজীত গৱেষণা কৰি ডক্টৰেট পাইছিল তেওঁ। ‘প্ৰান্তিক’ত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল তেওঁৰ উপন্যাস ‘মহা অৰণ্য’।