Kidnap

আইতাকক লগ কৰাব বুলি ফুচুলাই নিজৰেই দুই সন্তানক অপহৰণ কৰিলে পিতৃয়ে।

আইতাকৰ সৈতে দুই নাতিক দেখা কৰাবৰ বাবে অতি কৌশলেৰে নিজৰেই দুই সন্তানক অপহৰণ কৰি নিয়ে পিতৃয়ে। পিছত পত্নীয়ে আৰক্ষীৰ ওচৰত গোচৰৰ দিয়াতহে পিছতে সমুখলৈ আহে সকলো ঘটনা।

২০০৪ চনত ডুবাইত থকা ইমৰানৰ সৈতে বিহাৰৰ এগৰাকী মহিলা বিবাহ পাশত আৱদ্ধ হৈছিল। পিছে মহিলাগৰাকী মুকবধিৰ হোৱাৰ বাবে বিয়াৰ কেই বছৰ মান পিছতে দুই সন্তানৰ সৈতে বিহাৰত এৰি থৈ যায় পত্নীক। তাৰ পিছত মুকবধিৰ মহিলাগৰাকীয়ে কোনোমতে আনৰ ঘৰত কাম কৰি দুই সন্তানৰ লগতে নিজৰ পেট প্ৰৱৰ্তন কৰে। মুকবধিৰ হোৱাৰ বাবে ওচৰৰ পাজৰৰ লোকেও কোনো খবৰ পাতি উলিয়াব নোৱাৰে স্বামীৰ।