Sri Sri Auniati Satra

পবিত্ৰ ভাদ মাহ উপলক্ষে শ্ৰীশ্ৰী আউনীআটী সত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে সত্ৰত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী।

বুধবাৰে দুপৰীয়া ভাগত সত্ৰত সেৱা আগবঢ়াই ৰাজ্যবাসীৰ মংগলৰ অৰ্থে আশীৰ্বাদ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বেতৰ বিচনী, চেলেং কাপোৰেৰে আদৰণি জনায় l শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামী দেৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে ‘কৰ্ম শিৰোমণি’ বঁটা ।