এয়া কেনেকৈ সম্ভৱ? অভিশপ্ত বিমান দুৰ্ঘটনাত ৰক্ষা পৰিল ৰমেশ বিশ্বাস কুমাৰ…

rames

অভিশপ্ত বিমান দুৰ্ঘটনা! ২৪২ জন যাত্ৰীৰ মাজত ২৪১ জন যাত্ৰীয়ে মৃত্যুক আকোঁৱালি লৈছে। কিন্তু সেই মৃত্যৰ কিৰিলিৰ মাজত জীৱিত অৱস্থাত বগা টি-ছাৰ্ট পিন্ধা এজন যুৱক খোজ কাঢ়ি আহিছে। তেওঁ হৈছে ৰমেশ বিশ্বাস কুমাৰ। ক’লা ধোৱাই আৱৰি ধৰিছিল চৌপাশ, চাৰিওদিশে চিটিকি পৰি ৰৈছিল বিমানখনৰ ভগ্নাৱশেষ, ছাই হৈ পৰি ৰৈছিল মাংসপিণ্ড।

তেনে এক কল্পানাতীত পৰিস্থিতিৰ মাজতো মৃ্ত্যুৰ দুৱাৰ দলিৰ পৰা ঘুৰি আহিল বিমানখনৰ 11A আসনৰ সৌভাগ্যৱান যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ। বৰ্তমান আহমেদাবাদৰ অসাৰৱাস্থিত অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৰমেশ।

সময়: বৃহস্পতিবাৰে দিনৰ ১:৩৮ বাজিছে এয়াৰ ইণ্ডিয়াৰ AI-171 নম্বৰৰ বিমানখন উৰা মাৰিছিল লণ্ডন লৈ বুলি। কোনেনো ভাবিছিল যে উৰণ আৰম্ভ হোৱাৰ ঠিক ৫ মিনিটৰ পিছতেই সকলো শেষ হৈ পৰিব।কিন্তু সেয়াই হ’ল ৫ মিনিটতে চাৰখাৰ হ’ল ২৪১ টা জীৱন। ইয়াৰ ভিতৰত বিমানখনত জীয়াই থকা একমাত্ৰ যাত্ৰী ৰমেশে এতিয়া দৃষ্টি কাঢ়িছে সমগ্ৰ বিশ্বৰ।

মৃত্যুক নিচেই কাষৰ পৰা দেখিছিল ৰমেশে। কিন্তু তেনে পৰিস্থিতো অদ্যম সাহস আৰু মনোবলৰ বাবে খোজকাঢ়ি গৈ হাস্পতাল পাইছিল গৈ ৰমেশ। আনযাত্ৰীসকলৰ সৈতে ৰমেশেও উৰা মাৰিছিল লণ্ডনলৈ। ভাৰতত পৰিয়ালক লগ কৰিবলৈ আহি তেওঁৰ ভাতৃ অজয় ​​কুমাৰ ৰমেশৰ সৈতে ব্ৰিটেইনলৈ উভতি গৈ আছিল।

কিন্তু কেনেকৈ জীৱন ৰক্ষা পৰিল ৰমেশৰ। সেই শিহৰণকাৰী বৰ্ণনাও দি গ’ল ৰমেশে। ৰমেশৰ এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে ‘ৰাখে হৰি মাৰে কোনে’

Category