South Coast Restaurant

ৰাজ্য়ত ভদীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰা সময়তে বৰলুইতত ডুব গ'ল এখন বিলাসী ৰেষ্টুৰেণ্ট।

খন্তেকতে ব্ৰহ্মপুত্ৰৰ পানীত ডুব গ'ল জাহাজ খন ।

চাওঠ কোষ্ট ৰেষ্টুৰেণ্টত সোমাল পানী।

নিশাৰ ভাগত ফাঁচীবজাৰ ঘাটত ৰৈ থকা চাওঠ কোষ্ট ৰেষ্টুৰেণ্ট নামৰ জাহাজ খনত পানী সোমাই ডুবি যায়।

বহু দিন ধৰি বন্ধ হৈ আছিল জাহাজখন।

জাহাজখন সুমিত বেৰীয়া নামৰ ব্যক্তিগৰাকীৰ আছিল।

প্ৰশাসনে পুৱাৰ ভাগত আহি প্ৰত্যক্ষ কৰে যদিও কোনো ধৰণৰ পদক্ষেপ লোৱা নাই।