এলপিজি চিলিণ্ডাৰৰ মূল্য পুনৰ বৃদ্ধি পালে ১৫ টকা, ৪ মাহত এয়া চতুৰ্থটো বৃদ্ধি

Cylinder Price Hike

এলপিজি চিলিণ্ডাৰৰ মূল্য চাৰি মাহত চতুৰ্থবাৰৰ বাবে বৃদ্ধি।

আজি, ৬ অক্টোবৰ তাৰিখৰ পৰা এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১৫ টকা বৃদ্ধি কৰা হৈছে। এতিয়া গুৱাহাটীত ১৪.২ কিলোগ্ৰাম ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৯৪৮.৫০ টকা হ'ব। আন্তৰ্জাতিক অশোধিত তেলৰ বৰ্ধিত মূল্য প্ৰতিফলিত কৰিবলৈ এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে।

এইবছৰৰ জুলাইমাহৰ পৰা চাৰি মাহৰ ভিতৰত এইটো চতুৰ্থ বৃদ্ধি। জুলাইত প্ৰতি এলপিজি চিলিণ্ডাৰত ২৫ টকা কৈ মূল্য বৃদ্ধি কৰা হৈছিল। আগষ্টত, প্ৰতি চিলিণ্ডাৰত মূল্য আৰু ২৫ টকা বৃদ্ধি কৰা হৈছিল আৰু পুনৰ ছেপ্টেম্বৰত এলপিজি চিলিণ্ডাৰ প্ৰতিটোত ২৫ টকা কৈ বৃদ্ধি হৈছিল। জুলাইৰ পৰা অক্টোবৰলৈকে, এলপিজি চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৯০টকা বৃদ্ধি হৈছে।

এলপিজিৰ মূল্য আমদানি সমতা মূল্য (আইপিপি) সূত্ৰৰ ওপৰত আধাৰিত কৰি নিৰ্ধাৰণ কৰা হয়, যি আন্তৰ্জাতিক সামগ্ৰীৰ মূল্যৰ ওপৰত আধাৰিত। চৌদি আৰামকোৰ চুক্তিৰ মূল্য এই গণনাৰ বাবে এক মানদণ্ড হিচাপে গণ্য কৰা হয়। আইপিপি সূত্ৰত অন্তৰ্ভুক্ত আছে চৌদি আৰামকোৰ এলপিজি মূল্য, ফ্ৰী-অন-বোৰ্ড মূল্য, মহাসাগৰৰ মালবাহী মাচুল, শুল্ক আৰু বন্দৰৰ দেয় পৰিমাণ।

ভাৰতত চূড়ান্ত এলপিজি খুচুৰা মূল্য নিৰ্ধাৰণ কৰাৰ আগতে স্থানীয় মাচুল, বটলিং মাচুল, বিপণন ব্যয়, ওএমচিৰ বাবে মাৰ্জিন, ডিলাৰ কমিছন আৰু সামগ্ৰী আৰু সেৱা কৰও নিৰ্ধাৰণ কৰা হয়। ইয়াৰ উপৰিও, মুদ্ৰাৰ তাৰতম্যই মূল্যকো প্ৰভাৱিত কৰে।

এলপিজিৰ মূল্য বৃদ্ধিৰ লগতে একেৰাহে দ্বিতীয় দিনৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে। পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৩০ পইচা আৰু ডিজেলৰ মূল্য ৩৫ পইচা প্ৰতি লিটাৰ বৃদ্ধি কৰা হৈছে। কালি পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ২৫ পইচা আৰু ডিজেলৰ মূল্য ৩০ পইচা প্ৰতি লিটাৰ বৃদ্ধি কৰা হৈছিল।

Category
Profile picture for user UB Photos