Suicide Attempt

মঙলবাৰে ব্ৰহ্মপুত্ৰ নদীত যাত্ৰীসকলৰ সন্মুখত এখন ফেৰীৰ পৰা এজন ব্যক্তিয়ে ইচ্ছাকৃতভাৱে জঁপিয়াই পৰে।

ঘটনাটো ৰাতিপুৱা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় যেতিয়া ফেৰী 'আৰপিএল দিগাৰু' নিমাতী ঘাটৰ পৰা কমলাবাৰীলৈ গৈ আছিল।

সৌভাগ্যক্ৰমে চাৰু দত্ত নামৰ লোকজনক উদ্ধাৰকাৰীসকলে ৰক্ষা কৰে। অৱশ্যে, ৰক্ষা পোৱাৰ পিছত, তেওঁ আৰক্ষীৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল।

ভুক্তভোগীজনক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল। জানিব পৰা মতে, দত্ত মাজুলীৰ গোৰমুখৰ বাসিন্দা। অৱশ্য়ে ঘটনাটোৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।