Vishal Choudury

মহানগৰৰ ৰিভাৰিয়া এপাৰ্টমেণ্টৰ ক’কেইন পাৰ্টীৰ মূল অভিযুক্ত বিশাল চৌধুৰীক গ্ৰেপ্তাৰ। মহানগৰ আৰক্ষীয়ে নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে বিশাল চৌধুৰীক।

মহানগৰ আৰক্ষীৰ লতাশিল থানা আৰু ক্ৰাইম ব্ৰান্সে চলাইছিল অভিযান। দিল্লীৰ পৰা গুৱাহাটীলৈ কোৰিয়াৰ চাৰ্ভিছযোগে ড্ৰাগছ সৰবৰাহ কৰিছিল বিশালে।

উল্লেখযোগ্য যে, ১৫ আগষ্টৰ পুৱতি নিশা ৰেভ পাৰ্টীৰ আয়োজন কৰি কোকেইন-হেৰ’ইনৰ যোগান ধৰিছিল অভিযুক্ত বিশাল চৌধুৰীয়ে। মহানগৰ আৰক্ষীয়ে খাৰঘূলীৰ এটা এপাৰ্টমেন্টৰ পৰা ড্ৰাগছসহ আটক কৰিছিল কেইবাগৰাকী যুৱক-যুৱতীক।