মুক্তিৰ পূৰ্বেই বিতৰ্কত যতীন বৰাৰ ‘ৰাঘৱ’!

বিতৰ্কৰ মাজতে ছবিখনক লৈ জুবিন গাৰ্গৰ মন্তব্য়।

সোনকালেই ছবি গৃহত আহি আছে ৰাঘৱ! ইতিমধ্যে ছবিখনৰ মুকলি কৰা হৈছে টিজাৰ। ২৭ অক্টোবৰত চিনেমাগৃহত মুক্তি পাব লগীয়া এই চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে যতীন বৰাই আৰু প্ৰযোজনা কৰিছে নবনীতা শৰ্মাই। য’ত নিশিতা গোস্বামী আৰু প্ৰবীণ অভিনেত্ৰী মৃদুলা বৰুৱাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখনত এজন টেক্সি চালকৰ আৱেগিক যাত্ৰাৰ ৰূপৰেখা দেখোৱা হৈছে। ছবিখনত একচন,মনোৰঞ্জন আৰু ৰোমাঞ্চেৰে ভৰি থকাৰ কথা উল্লেখ কৰিছে যতীন বৰাই। 

উল্লেখ্য যে, ২আগষ্টত চিনেমাখনৰ টিজাৰ মুকলি হোৱাৰ পিছৰে পৰা যতীন বৰাক লৈ সমালোচনাৰ সৃষ্টি হৈছে। নেটিজেনসকলৰ এটা বৃহৎ অংশই চিনেমাখন বৰ্জন কৰিবলৈও আহ্বান জনাইছে। ছবিখনত এটা মহাৰাষ্ট্ৰীয় বাদ্যযন্ত্ৰক অসম সংস্কৃতিৰ অংশ হিচাপে দেখুওৱাৰ বাবেও গায়ক নিলোৎপল বৰাই সমালোচনা কৰিছিল। 

Category
Profile picture for user UB Photos