বলীউড জগতৰ বাবে এক দুঃখবৰ! জনপ্ৰিয় কলা নিৰ্দেশক নিতিন দেশাইৰ আত্মহত্যা......

nitin

আজি পুৱাৰ ভাগতে বলীউড জগতৰ বাবে আহিল এক দুঃখবৰ। প্ৰসিদ্ধ আৰ্ট ডাইৰেক্টৰ নীতিন দেশাইৰ মৃত্যু। 

৮২ বছৰীয়া নীতিন দেশাইৰ মৃতদেহ মুম্বাইৰ ওচৰৰ কৰজটত নিজৰ এনডি ষ্টডিঅ’ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়। তেওঁৰ মৃত্যুৰ খবৰৰ পিছতে সমগ্ৰ বলীউদতে শোকৰ ছাঁ পৰিছে। 

nitin

আনহাতে, আৰক্ষীয়ে এইপৰ্যন্ত তেওঁৰ মৃত্যু সন্দৰ্ভত অধিক তথ্য প্ৰকাশ কৰা নাই। কিন্তু আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁ আত্মঘাতী কৰিছে। ইতিমধ্যেই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। 

আজি পুৱা ৪.৩০ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আৰ্থিক অনাটনৰ বাবেই তেওঁ চূড়ান্ত সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰা হৈছে। 

nitin

উল্লেখ্য যে, কৰ্জতৰ বিধায়ক মহেশ বালদীয়ে নীতিন দেশাইৰ মৃত্যুৰ কাৰণ আৰ্থিক অনাটন বুলি উল্লেখ কৰিছে। বিগত কিছুদিন ধৰি তীব্ৰ আৰ্থিক সংকটত ভুগিছিল দেশাই। যাৰ ফলত আজি পুৱা তেওঁ নিজৰ ষ্টুডিঅ’ত চৰম সিদ্ধান্ত লয়।

nitin

উল্লেখযোগ্য যে ১৯৮৯ত পৰিন্দা ছবিৰ জৰিয়তে এগৰাকী আৰ্ট ডাইৰেক্টৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ। ইয়াৰ পিছত কেইবাখনো ছুপাৰহিট ছবিৰ ছেট নিৰ্মাণ কৰিছিল। তেওঁ ছেট নিৰ্মাণ কৰা কেইখনমান উল্লেখনীয় ছবি হৈছে ‘প্যাৰ তো হোনা হী থা’, ‘হাম দিল দে চুকে ছনম’, ‘মিছন কাশ্মীৰ’, ‘ৰাজু চাচা’, ‘দেৱদাস’, ‘লগান’, ‘বাজীৰাও মস্তানী’ আদি।

Category
Profile picture for user UB Photos