গৰমৰ বন্ধ শেষ হোৱাৰ পিছৰে পৰা পুনৰ আৰম্ভ হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসসমূহত নিয়মীয়া পাঠদান। কিন্তু শেহতীয়াকৈ ৰাজ্যত গৰমৰ প্ৰকোপ পুনৰ বৃদ্ধি পোৱাত স্বাভাৱিক জন-জীৱন পুনৰ প্ৰায় স্তব্ধ হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ নিয়মীয়া পাঠদানৰ সময়সূচী পুনৰ সালসলনি কৰা হৈছে।
কামৰূপ জিলা আয়ুক্তৰ নিৰ্দেশনা অনুসৰি ৩ আগষ্টৰ পৰা পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হ'ব গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান।
উল্লেখ্য যে, কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে স্বাক্ষৰ কৰা এক নিৰ্দেশনা অনুসৰি ল'ৱাৰ প্ৰাইমেৰিৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ অব্যাহত থাকিব। সেইদৰে এম ই স্কুলৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা ১২-৩০ বজালৈ আৰু হাই স্কুল, হায়াৰ ছেকেণ্ডেৰীৰ পাঠদান ৭-৩০ বজাৰ পৰা দিনৰ ১ বজালৈ অব্যাহত থাকিব।
ইয়াৰোপৰি বিদ্যালয়সমূহক পুৱাৰ প্ৰাতঃ সভা মুকলি আকাশৰ তলৰ পৰিৱৰ্তে শ্ৰেণী কোঠাৰ ভিতৰতে অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অহা ১৫ আগষ্ট পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা।
- Log in to post comments