মণিপুৰৰ পিছত এইবাৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে হাৰিয়ানাত। সোমবাৰে বিজেপি শাসিত হাৰিয়ানাৰ নোহ জিলাত সংঘটিত হিংসাত্মক ঘটনা। ধৰ্মীয় শোভাযাত্ৰাত শিলগুটি নিক্ষেপৰ পিছতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। ধৰ্মীয় এই সংঘৰ্ষত এই পৰ্যন্ত ৪ জনকৈ লোকৰ মৃত্যু হৈছে। এই চাৰিজন লোকৰ ভিতৰত আছে দুজন হোমগাৰ্ড, এজন ইমাম আৰু এজন সাধাৰণ নাগৰিক। লগতে ২৫ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয়।
উল্লেখ্য যে, সোমবাৰে হাৰিয়ানাৰ নোহত বিশ্ব হিন্দু পৰিষদে এক ৰেলী বাহিৰ কৰিছিল। ৰেলীৰ সময়তে আন এটা গোটে এই ৰেলী বাহিৰ কৰা লোকসকলক বাধা দিবলৈ চেষ্টা কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনা।
দুই পক্ষৰ মাজত শিল দলিয়া-দলি হোৱাৰ উপৰিও অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হয়। তাৰ মাজতে একাংশ দুৰ্বৃত্তই নোহৰ গোৰখনাথ মন্দিৰত আক্ৰমণ কৰি মন্দিৰটোৰ পূজাৰীগৰাকীক প্ৰহাৰ কৰাৰ লগতে এখন মটৰ চাইকেলত অগ্নিসংযোগ কৰে।
পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু প্ৰায় ৩৫ খনকৈ বাহনত অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হয়। নোহত সংঘটিত হোৱা এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন স্থানত হিংসাত্মক ঘটনা সংঘটিত হয়।
সোমবাৰৰ এই হিংসাত্মক ঘটনাৰ পাছতে আৰক্ষীয়ে শান্তি প্ৰতিষ্ঠাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। সমান্তৰালকৈ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰ এক্সন আৰম্ভ হৈছে। নোহত কাৰ্ফিউ জাৰি কৰাৰ লগতে সমগ্ৰ জিলাখনৰ প্ৰৱেশ পথসমূহ চীল কৰি দিয়া হৈছে।
বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। জিলাখনত আৰক্ষী আৰু পেৰামেলিটেৰীৰ ১৫ টা কোম্পানীয়ে তহল দি থকাৰ উপৰিও আন আন জিলাৰ পৰাও আৰক্ষী বাহিনীক নোহলৈ প্ৰেৰণ কৰা হৈছে।
আনহাতে কোনোধৰণৰ যাতে অপপ্ৰচাৰ নহয় তাৰ বাবে ২ আগষ্টলৈকে ইণ্টাৰনেট কৰ্তন কৰা হৈছে। সমান্তৰালকৈ গুৰগ্ৰাম আৰু ফৰিদাবাদত স্কুল, কলেজকে ধৰি সকলো শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে।
- Log in to post comments