"ৰকি ঔৰ ৰাণী কি প্ৰেম কহানী" ছবিখনে প্ৰথম দিনটোত কিমান বক্স অফিচ সংগ্ৰহ কৰিল লগতে ছবিখনক লৈ দৰ্শকৰ সহাঁৰি কেনেকুৱা?......

rocky

বহু প্ৰত্যাশাৰ অন্তত ২৮ জুলাই শুকুৰবাৰে ছবিগৃহত মুক্তি পালে ৰোমান্টিক ছবি "ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী" । এই ছবিখনত মুখ্য চৰিত্ৰ হিচাপে অভিনয় কৰিছে ৰণবীৰ সিং আৰু আলিয়া ভ'ট্টে। কৰণ জোহৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ, শ্বাবানা আজমী, আৰু জয়া বচ্চনেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

rocky

ৰণবীৰ সিং, আলিয়া ভ'ট্ট অভিনীত "ৰকি ঔৰ ৰাণী কি প্ৰেম কহানী" ছবিখনে ছবিগৃহত মুক্তিৰ প্ৰথম দিনাই ১১.১০ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। দৰ্শক আৰু সমালোচকৰ ইতিবাচক সঁহাৰি দেখি ছবিখনে দ্বিতীয় আৰু তৃতীয় দিনত বক্স অফিচ সংগ্ৰহ পৰিমাণ যথেষ্ট উন্নত হ'ব বুলি আশা কৰা হৈছে।

rocky

ছ'চিয়েল মিডিয়া হেণ্ডেলত বক্স অফিচৰ নম্বৰ শ্বেয়াৰ কৰি ট্ৰেড বিশ্লেষক তৰণ আদৰ্শে লিখিছে যে, "#RockyAurRaniKiiPremKahaani এ প্ৰথম দিনটোত দুটা সংখ্যাত আঘাত কৰে অৰ্থাৎ ১১.১০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ১ম দিনটো বিজ স্পষ্টভাৱে লপচাইড (lopsided)। প্ৰধান কেন্দ্ৰসমূহৰ মূলতঃ মাল্টিপ্লেক্সৰ অৱদান ভাল, কিন্তু টায়াৰ ২ আৰু টায়াৰ ৩ চেণ্টাৰসমূহে অনুকূল ক্ষমতাত কাম কৰা নাছিল। শুকুৰবাৰ ১১.১০ কোটি #India biz."

সাত বছৰৰ পাছত পৰিচালনা জগতলৈ ঘূৰি আহিছে কৰণ জোহৰ। কৰণ জোহৰৰে ৭ বছৰ আগত ৰনবীৰ কাপুৰ আৰু অনুষ্কা শৰ্মাৰ ৰোমান্টিক ছবি "এ দিল হায় মুছকিল" পৰিচালনা কৰিছিল। ৭ বছৰৰ দীৰ্ঘ বিৰতিৰ অনন্তত ছবি প্ৰেমী মাজলৈ লৈ আনিছে আন এক ৰোমান্টিক ছবি "ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী"।

Category
Profile picture for user UB Photos