
দিল্লীৰ ৰাউজ এভিনিউ আদালতে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা যৌন নিৰ্যাতনৰ গোচৰত বৃহস্পতিবাৰৰ দিনটোত জামিন প্ৰদান কৰে । জামিন মঞ্জুৰ কৰাৰ সময়ত আদালতে অভিযোগকাৰী বা সাক্ষীক প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰৰোচিত নকৰাৰ দৰে চৰ্ত আৰোপ কৰিছিল আৰু লগতে কয় যে আদালতৰ অনুমতি অবিহনে অভিযুক্তক দেশ এৰি যাবলৈ দিয়া নহয়।
আনহাতে, ব্ৰীজভূষণৰ উপৰিও হাৰাশাস্তিৰ গোচৰৰ অভিযুক্ত আন এজন ব্যক্তি বিনোদ তোমাৰকো আদালতে জামিন মঞ্জুৰ কৰে। ইয়াৰ পূৰ্বে ১৮ জুলাইত আদালতে ২৫ হাজাৰ টকাকৈ জামিন বণ্ডত ব্রিজ ভূষণ আৰু বিনোদক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল।

উল্লেখ্য যে কেইবাগৰাকীও মল্লযোদ্ধাৰ প্ৰতিবাদৰ পিছত যোৱা ১৫ জুনত দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণ শৰণ সিং আৰু বিনোদ তোমৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল ৷ মহিলা মল্লযুঁজাৰুসকলে দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ৩৫৪ (ডি), ৩৫৪ (এ) আৰু ৫০৬ (১) ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে।
- Log in to post comments