ভুৱা দুৰ্ঘটনাৰ নাটক ফাদিল, যোৰহাট আৰক্ষীৰ জালত দালাল চক্ৰ......

Accident

যোৰহাটত দালাল চক্ৰৰ কৌশল ফাদিল। ধন আদায় কৰিবলৈ ভুৱা দুৰ্ঘটনাৰ নাটক ৰচিছিল একাংশ দুষ্ট চক্ৰই। যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বিষয়াৰ তৎপৰতাত পোহৰলৈ আহিছে এই তথ্য। 

উল্লেখ্য যে, পথ দুৰ্ঘটনাত পতিত লোকসকলৰ MACTৰ ধন আদায় কৰাৰ বাবে ভুৱা দুৰ্ঘটনাৰ নাটক ৰচিছিল এটা দালাল চক্ৰই । ভুৱাকৈ দুৰ্ঘটনা সংঘটিত কৰা বুলি এখন গাড়ীৰ MVI ৰিপৰ্ট উলিয়াবলৈ অহাৰ পিছত এই সমস্ত কাণ্ড পোহৰলৈ আহে।

দৰাচলতে, যোৰহাটত এখন চেচিছ নম্বৰ নোহাৱা গাড়ী পৰীক্ষা কৰোতে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী বিষয়াই এই বিস্ফোৰক তথ্য পোহৰলৈ আনে। ২০২২ চনৰ নৱেম্বৰ মাহত সংঘটিত এটা পথ দুৰ্ঘটনাৰ ৰিপৰ্ট প্ৰায় ৯ মাহ পিছত যোৰহাট সদৰ থানাত কৰা হৈছিল। প্ৰায় ৯ মাহ পূৰ্বে সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত জড়িত থকা বুলি AS 03 AC 0683 নম্বৰৰ এখন গাড়ীৰ MVI ৰিপৰ্টৰ বাবে যোৰহাটৰ যানবাহন আৰক্ষীৰ তৰফৰ পৰা MVI লৈ  ১২ জুলাইত পত্ৰ প্ৰেৰণ কৰা হৈছিল। ১৩ জুলাইত গাড়ীখন পৰীক্ষা কৰোতে MVI গৰাকীয়ে গাড়ীখনৰ চেচিছ নম্বৰটো বিচাৰি নোপোৱাত যোৰহাটৰ যান বাহন পৰিদৰ্শক ধনঞ্জয় শইকীয়াৰ সমগ্ৰ বিষয়টোৰ ওপৰত সন্দেহ ওপজে। তাৰ পিছতে যান বাহন পৰিদৰ্শক ধনঞ্জয়ে সমগ্ৰ ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰে। 

অনুসন্ধানত পোহৰলৈ আহে যে এই গাড়ীখনে পথ দুৰ্ঘটনা সংঘটিত কৰা নাছিল আৰু MACTৰ ধন আদায় কৰিবলৈ গাড়ীখনে দুৰ্ঘটনা সংঘটিত কৰা বুলি ভুৱা দুৰ্ঘটনাৰ ৰিপৰ্ট দেখুওৱা হৈছে। গাড়ীখনৰ ৰিপৰ্ট ল'বলৈ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ অহা অংকিট আগৰৱালা নামৰ এগৰাকী যুৱকক শোধাপোচা কৰাত সমস্ত তথ্য পোহৰলৈ আহে। এগৰাকী লোকে এই গাড়ীখন দুৰ্ঘটনাত জড়িত বুলি দেখুৱাবলৈ ধন প্ৰদান কৰিছিল বুলি যুৱকজনে জানিবলৈ দিয়ে। ইয়াৰ পিছতে স্পষ্ট হয় যে MACTৰ ধন সৰকাবৰ বাবে এটা চক্ৰই এই সমস্ত পৰিকল্পনা কৰিছিল।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত যোৰহাটৰ যান বাহন পৰিদৰ্শকে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে। এই বৃহৎ চক্ৰৰ সৈতে বহু লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে। এনে কৌশল অৱলম্বন কৰি দুষ্টচক্ৰই লাখ লাখ টকা সৰকাই নিছে। আৰক্ষীৰ তদন্তৰ পিছতহে এই সকলো কথা স্পষ্ট হ'ব বুলি আশা কৰা হৈছে।

Category
Profile picture for user UB Photos