মণিপুৰৰ নৃশংস নাৰী উৎপীড়ন কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ.........

Manipur

এটা ভিডিঅ' তাৰ পাছতে তোলপাৰ সমগ্ৰ দেশ। যোৱা ৪ মে'ত মণিপুৰৰ কাংপকপি জিলাত সংঘটিত হৈছিল এক দুষ্কাৰ্য । কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি দলৱদ্ধ ধৰ্ষণ কৰা হৈছিল মণিপুৰত। বুধবাৰে পোহৰলৈ আহিছিল মণিপুৰৰ উক্ত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ দৃশ্য। সামাজিক মাধ্যমযোগে বিয়পি পৰিছিল এই সমগ্ৰ দৃশ্য। মেইটেই সম্প্ৰদায়ৰ একাংশ লোকে সংঘটিত কৰিছিল উক্ত জঘন্য কাণ্ড। 

manipur

উল্লেখ্য যে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে মণিপুৰ কাণ্ডৰ এজন অভিযুক্তক। ভিডিঅ'টোত দেখা সেউজীয়া টি-চাৰ্ট পিৰিধান কৰি মহিলাগৰাকীক ধৰি ৰখা মূল অভিযুক্তজনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে। এই জঘন্য কাণ্ডৰে জড়িত মূল অভিযুক্তজনৰ নাম পেচি আৱাং লেইকাইৰ হুইৰেম হেৰোডাছ মেইটেই বুলি জানিব পৰা গৈছে। 

manipur

আনহাতে, ২ মহিলাক উলংগ কৰি সমদল, হত্যাৰ চেষ্টাৰ কাণ্ডৰ মূল অভিযুক্ত হৈছে হীৰা দাস। দুই মহিলাক উলংগ কৰি চলাইছিল নিৰ্যাতন। উলংগ কৰি ৰাজপথত সমদল উলিওৱা ভিডিঅ' ভাইৰেল কৰিছিল। মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে জনালে এই কথা।
 

Category
Profile picture for user UB Photos