অশান্ত মণিপুৰৰ নৃশংসতাই জোকাৰিছে দেশ; দুই মহিলাক উলংগ কৰি ৰাজপথত সমদল...........

Manipur

বিগত দুমাহতকৈও অধিক সময় ধৰি উত্তপ্ত হৈ আছে মণিপুৰৰ পৰিস্থিতি । তাৰ মাজতে ৰাজ্যখনত সংঘটিত হোৱা এক নৃশংস নাৰী নিৰ্যাতনৰ কাণ্ডই জোকাৰি তুলিছে সমগ্ৰ দেশক । এই নৃশংস কাণ্ডই অধিক ৰূপত ভয়াৱহ কৰি তুলিছে মণিপুৰৰ পৰিস্থিতি।

শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মণিপুৰত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ এক ঘৃণনীয় কাণ্ডৰ ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত মেইটেই সম্প্ৰদায়ৰ একাংশ লোকে দুগৰাকী কুকি মহিলাক পথত উলংগ কৰি সমদল কৰোৱাৰ দৃশ্য দেখা গৈছে। পিছত উক্ত মহিলা দুগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগো উত্থাপন হৈছে।

উল্লেখ্য যে, ৰাজ্যখনৰ খিলঞ্জীয়া জনজাতি নেতা মঞ্চই প্ৰকাশ কৰা এক বিবৃতি অনুসৰি যোৱা ৪ মে’দিনাই ৰাজ্যৰ কাংপকপি জিলাত সংঘটিত হয় এই নিকৃষ্ট কাণ্ড। নাৰী নিৰ্যাতনৰ এই কাণ্ডটোত দুগৰাকী কুকি মহিলাক উলংগ কৰি পথত সমদল কৰাৰ লগতে একাংশই স্পৰ্শ কৰে মহিলা দুগৰাকীৰ গুপ্তাংগও।

Manipur

আনহাতে, কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটাৰ এদিনৰ পিচতে এই গণধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। কিন্তু ৰাজ্যখনত ইণ্টাৰনেট বন্ধ হৈ থকাৰ বাবে ঘটনাটো পোহৰলৈ অহা নাছিল।

উল্লেখযোগ্য যে, ইম্ফলৰ পৰা ৩৫ কিলোমিটাৰ নিলগত সংঘটিত এই লোমহর্ষক ঘটনাত জড়িতৰ বিৰুদ্ধে এইপর্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মণিপুৰ চৰকাৰে। সমান্তৰালকৈ মণিপুৰক লৈ এষাৰ মাত দিবলৈও আহৰি হোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

ইফালে এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয়মন্ত্ৰী স্মৃতি ইৰাণীয়ে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত লিখিছে, মণিপুৰৰ ২ গৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ ভয়ানক ভিডিঅ’টো নিন্দনীয় আৰু সম্পূৰ্ণ অমানৱীয়। মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে কথা পাতিলো । তেওঁ মোক জনাইছে যে বৰ্তমান তদন্ত চলি আছে।

Category
Profile picture for user UB Photos