ভয়ংকৰ ঘটনা! ট্ৰান্সফৰ্মাৰ বিস্ফোৰণৰ ফলত নিহত ১৫ জনকৈ লোক..........

uttrakhand

উত্তৰাখণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চামলি জিলাৰ আলাকনন্দ নদীৰ পাৰৰ নমামি গংগা প্ৰকল্পস্থলীত পাৱাৰ ট্ৰেন্সফৰ্মাৰত সংঘটিত দুৰ্ঘটনাত পোন্ধৰজন লোক বিদ্যুৎস্পৃষ্ট হোৱাৰ লগতে কেইবাজনো আহত হয়। আহত লোকসকলক ইতিমধ্যেই ভৰ্তি কৰোৱা হৈছে চামলি জিলা চিকিৎসালয়ত। 

uttrakhand

উল্লেখ্য যে, মৃত লোকসকলৰ ভিতৰত তিনিজন আৰক্ষী পৰিদৰ্শক আৰু তিনিজন হোমগাৰ্ড আছে বুলি জানিব পৰা গৈছে । লগতে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।

uttrakhand

আনহাতে, মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে প্ৰাণ হেৰুৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰি দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিয়ে।

Category
Profile picture for user UB Photos