অসম আৰক্ষীৰ গুণ্ডাৰাজ! কনিষ্টবল আৰক্ষীক নিৰ্মমভাৱে প্ৰহাৰ এগৰাকী OCৰ.........

utpal

আকৌ এবাৰ পোহৰলৈ আহিছে আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ । মুখ্যমন্ত্ৰী, ডিজিপি লৈ কেৰেপ নকৰা এজন আৰক্ষী বিষয়া। বাৰে বাৰে কনিষ্ঠ আৰক্ষীক নিৰ্মমভাৱে প্ৰহাৰ কৰিও সাৰি যায় এইজন আৰক্ষী বিষয়া ।

utpal

এইবাৰ ঢকুৱাখনা সদৰ থানাৰ OC উৎপল বৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে গুণ্ডাগিৰিৰ অভিযোগ। ভুক্তভোগী আৰক্ষী কনিষ্টবল কমল বৈশ্যক নিৰ্মমভাৱে প্ৰহাৰ কৰে OC উৎপল বৰাই । 

utpal

সংবাদ মাধ্যমৰ আগত ভুক্তভোগী কনিষ্টবল কমল বৈশ্যই প্ৰকাশ কৰা অনুসৰি-"যোৱা ১৭ জুলাই নিশা ১.৩০ বজাত ঢকুৱাখনা সদৰ থানাত প্ৰহৰা দি থকা আৰক্ষী কনিষ্টবল কমল বৈশ্যক  উৎপল বৰাই OC কোঠালৈ মাতি নি, নিৰ্মমভাৱে প্ৰহাৰ কৰে। তদুপৰি OC উৎপল বৰাই কমল বৈশ্যৰ মুখমণ্ডল আৰু হাতত ঘুচিওৱাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলিও অভিযোগ তুলিছে । আহত আৰক্ষী কনিষ্টবল জনে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাত চিকিৎকে উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ দিয়া বুলি জনায় কনিষ্টবল কমল বৈশ্যই।

kamal

উল্লেখযোগ্য যে, যোৱা ২০২২ চনৰ এপ্ৰিল মাহতো এইজন OC উৎপল বৰাই বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ থাকোতে এনেদৰেই প্ৰেমধৰ নৰহ নামৰ আন এজন কনিষ্টবলকো ৰুমত সোমোৱাই নিৰ্মমভাৱে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰিছিল। 

kamal

এই ঘটনাৰ বাবে বহু ধৰ্ণা, প্ৰতিবাদৰ লগতে  OC উৎপল বৰাৰ পুত্তলিকাও বহু সংগঠনে দাহ কৰিছিল যদিও সেই সময়ৰ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ফলত উৎপল বৰাই কাকো কেৰেপ নকৰা হৈ পুনৰ ঢকুৱাখনা থানালৈ আহি একে ঘটনা পুনাবৃত্তি কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

fir

সমগ্ৰ ঘটনাৰ বিষয়ে ইতিমধ্যে আৰক্ষী কনিষ্টবল কমল বৈশ্যই লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকক অৱগত কৰিছে।বাৰে বাৰে নিজৰ সহকৰ্মীকে মাৰধৰ কৰি গুণ্ডাগিৰি প্ৰদৰ্শন কৰা এইজন ঢকুৱাখনা থানাৰ OC উৎপল বৰাৰ বিৰুদ্ধে  DGP আৰু মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব?

Category
Profile picture for user UB Photos