
ৰূপহীহাটৰ জুৰীয়াত পুনৰ গুলীচালনাৰ ঘটনা। দিন-দুপৰতে গুলী চলাই দুৰ্বৃত্তই সংঘটিত কৰিলে ডকাইতিকাণ্ড। লুটি লৈ গ’ল ধন। ঘটনাস্থলীত উদ্ধাৰ কৰা হৈছে গুলীৰ খালী কাৰ্টিজ।

জুৰীয়াৰ দগাঁৱৰ শিঙিয়া পথাৰত এই ঘটনা সংঘটিত হয়। আবুল বাছাৰ নামৰ এজন SBI ৰ CSPৰ স্বত্বাধিকাৰীক দুই পিষ্টলধাৰী ডকাইতে দিনদুপৰতে পালছাৰ বাইকেৰে আহি পথ আগচি ধৰি গুলী ফুটাই সংঘটিত কৰিলে ডকাইতি। লুটি লৈ যায় ২ লাখ ৮৭ হাজাৰ টকা।
ঘটনা সন্দৰ্ভত ইতিমধ্যে দলগাঁও আৰক্ষী পহৰাচকীত এজাহাৰ দাখিল ভুক্তভোগীৰ । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীৰ তীব্ৰ অভিযান।
- Log in to post comments