আন এক গৌৰৱৰ ক্ষণ ৰাজ্যবাসীৰ বাবে! এইবাৰ ফ্ৰান্সৰ ৰাজকীয় নৈশ ভোজলৈ নিমন্ত্ৰিত অসমৰ জীয়ৰীৰ......

Dinner

ফ্ৰান্সৰ ৰাজকীয় নৈশ ভোজলৈ নিমন্ত্ৰিত হ’ল ধেমাজি বৰদলনীৰ জীয়ৰী প্ৰিয়ংকা দাস ৰাজকাকতি । ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানাৰ্থে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ই আয়োজন কৰা ৰাজকীয় নৈশ ভোজলৈ নিমন্ত্ৰিত হৈছে এগৰাকী অসমীয়া জীয়ৰী ৷ ৰাজভোজলৈ নিমন্ত্ৰিত হ’ল ধেমাজি জিলাৰ বৰদলনীৰ জীয়ৰী তথা সম্প্ৰতি পেৰিছত মহাকাশ বিজ্ঞানী হিচাপে কৰ্মৰত প্ৰিয়ংকা দাস ৰাজকাকতি ৷

Dinner

উল্লেখযোগ্য যে, বিভিন্ন ক্ষেত্ৰৰ বচা বচা ২৫০ গৰাকী অতিথিক নিমন্ত্ৰণ কৰা হৈছিল এই নৈশ ভোজলৈ । ২৫০ গৰাকী অতিথিৰ ভিতৰত অসম কন্যা প্ৰিয়ংকাইও নিমন্ত্ৰণ লাভ কৰাত ধেমাজিবাসীৰ লগতে গৌৰাম্বিত অসমবাসী। আনহাতে এক অতি আকৰ্ষণীয় কথাটো হ'ল যে, ৰাজভোজত উপস্থিত থকাৰ সময়ত প্ৰিয়ংকাই অসমীয়াৰ স্বাভিমান তথা আদৰৰ‘মেখলা চাদৰ’ এজোৰ পৰিধান কৰিছিল ।

Category
Profile picture for user UB Photos