হিমাচলত বানৰ সংহাৰী ৰূপ! কিন্তু বানৰ সেই তীব্ৰ সোঁতেও লৰাব নোৱাৰিলে ঐতিহাসিক পঞ্চবক্ত শিৱ মন্দিৰটো.....

mandir

হিমাচল প্ৰদেশত প্ৰকৃতিৰ ৰুষ্টৰূপ! সংহাৰী বানে তচনচ কৰি পেলাইছে সকলোবোৰ । গৃহহীন হ’ল হাজাৰ-হাজাৰ মানুহ, কিন্তু তাৰ মাজতে বানৰ তীব্ৰ সোঁতেও লৰাব নোৱাৰিলে পঞ্চবক্ত এই শিৱ মন্দিৰটো ।

বৰ্তমান সময়ত হিমাচলৰ চাৰিওফালে কেৱল ধ্বংসলীলা। ঠায়ে ঠায়ে ধ্বংসাৱশেষৰ স্তূপ জমা হৈ আছে। কুল্লু, মনালী, মণ্ডী আদি ঠাইসমূহত যথেষ্ঠ ক্ষতিসাধন হৈছে। হাজাৰ, হাজাৰ মানুহ গৃহহীন হোৱাৰ লগতে কোটি কোটি টকাৰ সম্পত্তিৰ লোকচান হৈছে ।

mandir

মুঠতে ৰাজ্যখনত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এফালে যদি বানপানী, আনফালে ভূমিস্খলনৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । হিমাচলত বৰ্তমান লৈ মৃত্যু হৈছে ৩০ গৰাকীতকৈও অধিক লোক। 

কিন্তু এই ধ্বংসলীলাৰ মাজতে এতিয়া চৰ্চাত আছে এটা মন্দিৰ । প্ৰকৃতিৰ ৰূদ্ৰ ৰূপকো আওকান কৰি থিয় দি আছে এটা শিৱমন্দিৰ। পানীৰ তীব্ৰ সোঁতেও এই মন্দিৰটোৰ একো ক্ষতি কৰিব পৰা নাই । বৰষুণৰ ফলত সকলো শেষ হৈ গ’ল কিন্তু এই Panchvaktra Templeটো এক ইঞ্চিও লৰাব পৰা নাই ভয়ংকৰ বানে।

mandir

ঐতিহাসিক পঞ্চবক্ত শিৱ মন্দিৰটো কেইবা ঘণ্টা ধৰি ব্যাস নদীৰ ঢৌৰ সৈতে মোকাবিলা কৰা দেখা গৈছে।  ৫০০ বছৰৰো অধিক বছৰ পুৰণি এই মন্দিৰটো প্ৰায় কেদাৰনাথ মন্দিৰৰ দৰেই দেখিবলৈ।

উল্লেখ্য যে, এই মন্দিৰটোত ৫খন মুখ আছে। পঞ্চমুখী মহাদেৱৰ এই মন্দিৰটোৰ ওচৰে পাজৰে ধ্বংসলীলা দেখিবলৈ পোৱা যায়। কিন্তু এই মন্দিৰটোই একেই স্থানতে থিয় দি আছে।
 

Category
Profile picture for user UB Photos