STF ৰ DIG পাৰ্থসৰথি মহন্তৰ বৃহৎ সাফল্য ......

Drugs

অসম আৰক্ষীৰ আন এক বৃহৎ সাফল্য । STF ৰ DIG পাৰ্থসৰথি মহন্তৰ নেতৃত্বত চলিছিল অভিযান । অভিযানত সোণাপুৰ টোলগেটত গুলী কৰি জব্দ বৃহৎ পৰিমাণৰ হেৰ'ইন । গাড়ীগাঁৱৰ যুৱক মফিজুল হকে  কঢ়িয়াই আনিছিল ১৪৫ পেকেট হেৰ'ইন । জব্দকৃত হেৰ'ইন খিনিৰ বজাৰ মূল্য প্ৰায় ১৬ কোটি টকা বুলি জানিব পৰা গৈছে।

drugs

drugs

উল্লেখ্য যে, AS01-BL-2211 নম্বৰৰ এখন হোণ্ডা চিটিত কঢ়িয়াই নিছিল উক্ত হেৰ'ইন খিনি । তথ্য অনুসৰি মণিপুৰৰ পৰা আহিছিল হেৰ'ইনখিন । মণিপুৰৰ পৰা  চাংসাৰিত হস্তান্তৰ কৰাৰ কথা আছিল যদিও স্থান সলনি কৰি সোণাপুৰত দিবলৈ গৈছিল হেৰ'ইন খিনি । আৰক্ষীয়ে সোণাপুৰ টোলগেটত গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছিল যদিও বেৰিকেট ভাঙি পলাবলৈ চেষ্টা কৰিছিল মফিজুলে । তাৰ পাছতে লগে লগেই আৰক্ষীয়ে মুফিজুলৰ গাড়ীলৈ লক্ষ্য কৰি গুলী কৰাত  আত্মসমৰ্পন কৰিবলৈ বাধ্য হয় মফিজুল হক ।

drugs

জানিব পৰা মতে, পূৰ্বেও অপৰাধ জনিত গোচৰত জালুকবাৰী থানাত গ্ৰেপ্তাৰ হৈছিল মফিজুল হক ।

Category
Profile picture for user UB Photos