চন্দ্ৰত মহাকাশযান অৱতৰণ কৰা চতুৰ্থ দেশ হোৱাৰ দিশে ভাৰত!

ISRO

চন্দ্ৰযান-৩ অভিযানে ভাৰতক চন্দ্ৰপৃষ্ঠত মহাকাশযান অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে ইতিহাস সৃষ্টি কৰিব । ১৪ জুলাইৰ দুপৰীয়া উৎক্ষেপণ হ'ব চন্দ্ৰযান-৩ । চন্দ্ৰযান-৩ অভিযানৰ ব্যয় ৬১৫ কোটি টকা ।

ইতিমধ্যে ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ( ইছৰ')। বহু প্ৰত্যাশিত চন্দ্ৰযান-৩য়ে অহা ১৪ জুলাইত দুপৰীয়া ২-৩৫ বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ব চন্দ্ৰযান-৩খন। আশা কৰা মতে ২৩ আগষ্টত ই চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-৩।

ISRO

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এল ভি এম-৩ ৰকেটৰ জৰিয়তে মহাকাশলৈ নিক্ষেপ কৰা হ'ব চন্দ্ৰযান-৩খন। উল্লেখ্য যে, ইয়াৰ ব্যয় পূৰ্বৰ অভিযানসমূহতকৈ এইবাৰ কম হ'ব বুলি ইছৰ'ই উল্লেখ কৰে। প্ৰায় ৬১৫ কোটি টকাতে এই অভিযান সম্পূৰ্ণ হ'ব।

২০০৮ চনৰ চন্দ্ৰযান-১ অভিযানত ব্যয় হৈছিল ৩৮৬ কোটি টকা আৰু ২০১৯ চনৰ চন্দ্ৰযান-২ অভিযানত ৯৭৮ কোটি টকা ব্যয় হৈছিল। আমেৰিকাই চন্দ্ৰ অভিযানৰ বাবদ এতিয়ালৈকে ৮৮৫ লাখ কোটি টকা ব্যয় কৰিছে। ছোভিয়েট ৰাছিয়াই ব্যয় কৰিছে ১৬৫ লাখ কোটি টকা।

Category