
তেলেংগানাত ফলকনুমা এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড। দাওদাওকৈ জ্বলি উঠিল চলন্ত ৰে’ল । নিমিষতে জুয়ে আৱৰি ধৰে ৰে’লখনৰ তিনিটাকৈ ডবা । শুকুৰবাৰে য়দাদ্ৰী জিলাত সংঘটিত হয় এই ঘটনাটো।

উল্লেখ্য যে, দুৰ্ঘটনাৰ পিছতে হাওৰাৰ পৰা ছিকন্দ্ৰাবাদলৈ যাবলগীয়া ৰে’ল বোম্মাইআলী গাঁৱৰ সমীপত ৰখাই দিয়া হয়।
অগ্নিকাণ্ড সংঘটিত হোৱা ৰে’লখনৰ যাত্ৰীসকলৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। জুয়ে আৱৰি ধৰাৰ পূৰ্বে সকলো যাত্ৰী ৰে’লৰ পৰা ওলাই আহিবলৈ সক্ষম হয়। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী।
Category
- Log in to post comments