দুৰ্ঘটনাত পতিত বলীউডৰ বাদশ্বাহ তথা কিং খান; গুৰুতৰভাবে আহত হোৱাত ছাৰ্জাৰী কৰোৱাবলগীয়া হৈছে কিং খানৰ.......

king khan

দুৰ্ঘটনাত পতিত ছুপাৰষ্টাৰ শ্বাহৰুখ খান । আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত ছবিৰ দৃশ্য গ্ৰহণৰ সময়তে অভিনেতাজন দুৰ্ঘটনাত পতিত হয় । 

king khan

বাতৰি অনুসৰি, দুৰ্ঘটনাৰ ফলত নাকত কিছু আঘাত পোৱাৰ বাবেই নাকৰ পৰা ৰক্তক্ষৰণ হয় অভিনেতাগৰাকীৰ । সেয়ে ততাতৈয়াকৈ অভিনেতাগৰাকীক চিকিৎসালয়লৈ নি এটা সৰু অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় ।

king khan

আনহাতে, অস্ত্ৰোপচাৰৰ পিছতেই চিকিৎসকে চিন্তাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিয়ে । অস্ত্ৰোপচাৰৰ পিছতেই শ্বাহৰুখ খানৰ নাকত এটা বেণ্ডেজ দেখিবলৈ পাইছিল অনুৰাগীয়ে । বৰ্তমানে অভিনেতাজন নিজ দেশলৈ ঘূৰি আহিছে  আৰু লাহে-লাহে তেওঁ এই আঘাতৰ পৰা সুস্থ হ’বলৈ আৰম্ভ কৰে ।


 

Category
Profile picture for user UB Photos