হীৰুদা বিহীন ১১ টা বছৰ;মৃত্যু বাৰ্ষিকী দিনটোত অনুৰাগীসকলৰ সশ্ৰদ্ধ সোঁৱৰণ প্ৰিয় কবিগৰাকীক ...

hiren bhattacharyya

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য্য নোহোৱা হোৱাৰ আজি ১১ টা বছৰ । ২০১২ চনৰ ৪ জুলাইত সকলোকে কন্দুৱাই চিৰ দিনৰ বাবে গুছি গৈছিল আপোন কবিগৰাকী ৷ 

hiren bhattacharyya

উল্লেখ্য যে, সুগন্ধি পখিলাৰ কবিগৰাকীক প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে। তেওঁ জীৱন কালত ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পোৱাৰ লগতে বাঙালী ভাষাত ২ খনকৈ কবিতা পুথি প্ৰকাশ পাইছিল । প্ৰজন্মৰ পিছত প্ৰজন্মই আওৰাই আহিছে তেওঁৰ মৌ পৰশা সৃষ্টি। আজি মৃত্য়ু বাৰ্ষিকীৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ‘সুগন্ধি পখিলাৰ কবি’ক স্মৰণ কাব্য অনুৰাগীসকলৰ।

hiren bhattacharyya

আনহাতে, অসমীয়া ৰোমান্টিক কবিতাৰ ক্ষেত্ৰত হীৰুদাই এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। হীৰুদাৰ কলমৰ নিতুল আঘাতত প্ৰাণ পাই উঠিছিল ৰৌদ্ৰ কামনা, কবিতাৰ ৰ’দ, তোমাৰ বাঁহী, সুগন্ধি পখিলা, মোৰ দেশ আৰু প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, শইচৰ পথাৰ মানুহ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বুকুৰ মাটি, ভালপোৱাৰ দিকচৌ বাটেৰে আদি কবিতা পুথি। 

hiren bhattacharyya

অসমীয়া সাহিত্যলৈ তেঁওৰ অনবদ্য অৱদানৰ বাবে ১৯৯২ চনত সাহিত্য অকাডেমী বঁটা আৰু ২০০০ চনত অসম উপত্যকা সাহিত্য বঁটাৰে তেঁওক বিভূষিত কৰা হৈছিল। আজি সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে তেওঁলোকৰ প্ৰিয় কবিগৰাকীক।

Category