শেহতীয়াকৈ এখন ছবিয়ে তোলপাৰ লগাইছে ভাৰতত। বহু বিতৰ্কৰ সন্মুখীন হৈছে ওম ৰাউট পৰিচালিত ছবি 'আদিপুৰুষ'। ৰামায়ণৰ ওপৰত আধাৰিত ছবি আদিপুৰুষে ৰামায়ণক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ ছবিখনৰ টীমটোৰ বিৰুদ্ধে। উল্লেখ্য যে কেইবাখনো ৰাজ্যত নিষিদ্ধ কৰা হৈছিল 'আদিপুৰষ'। 'আদিপুৰষ'ৰ বিতৰ্কৰ মাজতে দৰ্শকৰ বাবে আহিছে আটা ভাল খবৰ। দৰ্শকৰ মাজত ৰামায়ণৰ চৰিত্ৰ সমূহক প্ৰাণ দিয়া ধাৰাবাহিক 'ৰামায়ণৰ' হ'ব পুনৰ সম্প্ৰচাৰ। এই ঘোষণা ৰামানন্দ সাগৰৰ 'ৰামায়ণ'ৰ নিৰ্মাতাৰ। অতি জনপ্ৰিয় সেই হিন্দী ধাৰাবাহিকখন পুনৰ দৰ্শকে উপভোগ কৰিব পাৰিব টেলিভিছনত।
শিমাৰু টিভিৰ ফালৰ পৰা সম্প্ৰতি ঘোষণা কৰা হৈছে যে জনপ্ৰিয় পৌৰাণিক অনুষ্ঠানটো পুনৰ দেখা পাব টেলিভিছনত। শিমাৰু টিভিত ৩ জুলাইৰ পৰা পুনৰ দেখুওৱা হ'ব ৰামানন্দ সাগৰ পৰিচালিত 'ৰামায়ণ'। জনপ্ৰিয় এই ধাৰাবাহিকত শ্ৰী ৰামচন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল অৰুণ গোভিলে। সীতাৰ চৰিত্ৰত অভিনত কৰিছিল দীপিকা চিখলিয়াই। সুনীল লাহিড়িক দেখা গৈছিল লক্ষ্মণৰ ভূমিকাত। এই ধাৰাবাহিকখনে আশীৰ দশকৰ পৰাই দৰ্শকৰ মনত স্থান দখল কৰি ৰাখিছে। অহা ৩ জুলাইৰ পৰা সন্ধিয়া ৭.৩০ বজাত শিমাৰু টিভিত সম্প্ৰচাৰ হব ধাৰাবাহিক খন।
- Log in to post comments