ঘূৰি আহিছে ভাল দিন! সকলো অভিলেখ ভংগ কৰিলে অসমীয়া ছবি 'শ্ৰীৰঘুপতি'য়ে।

Sriraghupati

অসমীয়া ছবিজগতলৈ ভাল দিন ঘূৰি আহিছে। অসমীয়া ছবি জগতত ৰবি শৰ্মা অভিনীত'শ্ৰী ৰঘুপতি'য়ে সৃষ্টি কৰিলে অভিলেখ। মাত্ৰ ২১ দিনতে উপাৰ্জন কৰিলে ১০ কোটি টকা। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে উদীয়মান পৰিচালক সুব্ৰত কাকতিৰ 'শ্ৰীৰঘুপতি'য়ে। ছবি খনৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে চলচিত্ৰ প্ৰেমীসকলৰ। উল্লেখ্য যে ৰঘুপতিৰ সফলতাত অভিনেতা ৰবি শৰ্মাই দৰ্শকসকলক কৃতজ্ঞতা জনায়। সগতে তেখেতে কয়-'প্ৰথমবাৰৰ বাবে অসমত এই অভিলেখ সৃষ্টি হৈছে। এই ছবিখন এনে এখন ছবি যিখন দৰ্শকে নিজেই প্ৰমোচন কৰিছে।'

'শ্ৰী ৰঘুপতি'ৰ সফলতাৰ লগে লগে অসমীয়া ছবিৰ প্ৰতি থকা আস্থা ঘূৰি আহিছে অসমবাসীৰ। পুনৰ যেন ঘূৰি আহিছে অসমীয়া ছবি জগতৰ 'সোনালী যুগ'!
 

Category