ভুৱা পুলিচৰ পিছত এইবাৰত তেজপুৰত আটক হ'ল ভুৱা উপায়ুক্ত। ভুৱা উপায়ুক্তৰ লগতে আটক হ'ল চাৰিজনীয়া ভুৱা দেহৰক্ষী, চালকসহ আটক ১০ জনীয়া এটা দ'ল। তেজপুৰত সংঘটিত হল এই লজ্জাজনক ঘটনা। শোণিতপুৰৰ উপায়ুক্তৰ পৰিচয় দি আৰক্ষীৰ জালত পৰিল ১০ জনীয়া এই প্ৰৱঞ্চকৰ দলটি ৷ ঘটনাৰ মূল নায়ক অংকুৰ শইকীয়া, ঘৰ গোলাঘাটৰ পাঁচআলিত৷ ২৯ বছৰীয়া এই অংকুৰ শইকীয়াই বিগত ভালেমান দিন ধৰি তিনিখনকৈ বিলাসী বাহনত ব্যক্তিগত দেহৰক্ষী লৈ ঘূৰি ফুৰিছিল৷ নিজকে শোণিতপুৰৰ নতুন উপায়ুক্ত হিচাপে পৰিচয় দি তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাবলৈ যাওঁতে চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰীৰ সন্দেহ ওপজে আৰু খবৰ দিয়ে আৰক্ষীক৷ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিৰিঞ্চি বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে তেজপুৰ মাজমজিয়াৰ পৰা আটক কৰিবলৈ সক্ষম হয় ১০ জনীয়া দলটিক ।মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ জাল কৰি নিযুক্তি পত্ৰ লগত ৰাখিছিল এইজন ভুৱা উপায়ুক্তই । বৰ্তমান তেজপুৰ সদৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জিম্মাত লৈ সোধপোচ অব্যাহত ৰাখিছে দলটিক । ভুৱা উপায়ুক্ত জনে ব্যৱহাৰ কৰা ইনভা গড়ী দুখন ক্ৰমে AS01 DU 9246 আৰু AS01BL 6581 , লগতে এখন নম্বৰপ্লেট বিহীন THAR গাড়ী উপায়ুক্তৰ Escort গাড়ী হিচাপে ব্যৱহাৰ কৰিছিল৷ আটকাধীন লোক কেইজন হল - অংকুৰ শইকীয়া (ভূৱা উপায়ুক্ত )গোলাঘাট পাচআলি, বিশাল হাজৰিকা (জামুগুৰি শোণিতপুৰ), বিকি হাজৰিকা ( জামুগুৰি শোণিতপুৰ), সোন্টি হাজৰিকা (জামুগুৰি ), অচিন্ত দাস (নগাও ), নিতুমনি দাস (গুৱাহাটী), অজিত দাস (নগাওঁ ), কৌশিক কলিতা (গেৰুৱা ), হিমাল ভৰালী (কামৰূপ ), ৰিংকু কলিতা (হাজো)।
- Log in to post comments