'আজমলৰ মানুহে চটফটালে মোৰ টোপনি ভাল হয়। AIUDF ৰ নিদ্ৰাহৰণ কৰিবৰ বাবেই মই মুখ্যমন্ত্ৰী হৈ আছো।'- মুখ্যমন্ত্ৰী 

Ajmal

সমষ্টিৰ পুনৰ নিৰ্ধাৰণে খলকনি তুলিছে ৰাজ্যত। সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত এইবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰীৰ ভাষ্য- 'বৰাকত কোনো ভাৰতীয় অসন্তুষ্ট নহয়। বৰাকৰ বিজেপিৰ নেতৃত্ব মোৰ ওচৰলৈ আহিছিল। সন্তুষ্ট গৰিয়া মৰিয়াও। বৰাক বন্ধ দিয়া মানুহখিনি বেলেগ পাৰ্টিৰ। বৰাকত ভাৰতীয় হিচাপে জীয়াই থাকিব বিচৰাখিনি সুখী। ST, SC ৰ আসন যিমানেই বাঢ়ে সকলোৱে সমৰ্থন কৰিব লাগে। কংগ্ৰেছে প্ৰতিবাদ কৰিবই। ৫০ বছৰ মানৰ বাবে বন্ধ হ'ল কংগ্ৰেছৰ দোকান। এইখন খচৰা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হলে,
কংগ্ৰেছৰ চকুপানীয়ে বৰষুণকো চেৰ পেলাব।' লগতে হিমন্ত বিশ্ব শৰ্মাই কয়-'আজমলৰ মানুহে চটফটালে মোৰ টোপনি ভাল হয়। AIUDF ৰ নিদ্ৰাহৰণ কৰিবৰ বাবেই মই মুখ্যমন্ত্ৰী হৈ আছো।'  


 

 

Category