'কামত সৰু-ডাঙৰ নাই'- পিতৃ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী, কিন্তু পুত্ৰই কাম কৰে তেল ডিপুত।

Phanibhushan Chaudhary

পিতৃ বিধায়ক কিন্তু পুত্ৰই কাম কৰে তেল ডিপোত। নিজ ইচ্ছা মতেই পেট্ৰ'ল পাম্পত কাম কৰিছে বিধায়ক পুত্ৰই। বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ পুত্ৰ শান্তনু চৌধুৰীয়ে এতিয়া কাম কৰিছে এটা পেট্ৰ'ল পাম্পত। 

নিজৰ খৰচ নিজেই উলিয়াবলৈ ফণীভূষণ চৌধুৰীৰ পুত্ৰ শান্তনু চৌধুৰীয়ে নিজকে নিয়োজিত কৰিছে পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী হিচাপে। শান্তনু স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। পৰীক্ষা শেষ হোৱাৰ পিছত ঘৰত বহি নাথাকি পেট্ৰ'ল পাম্পত কাম কৰিবলৈ আৰম্ভ কৰিলে শান্তনুৱে। ভৱিষ্যতৰ পঢ়াৰ খৰচ উলিয়াবলৈ পেট্ৰ'ল পাম্পত কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে শান্তনুৱে।
বিধায়ক ফণীভূষণ চৌধুৰীৰ একমাত্ৰ পুত্ৰ শান্তনু। কিন্তু পিতৃৰ দৰেই সাধাৰণ জীৱন–যাপন কৰিবলৈ যেন ভাল পায় শান্তনুৱেও। সেয়েহে পৰীক্ষাৰ পিছত পেট্ৰ'ল পাম্পত কৰ্মচাৰী হিচাপে নিয়োজিত হয় শান্তনু। 

সংবাদ মাধ্যমৰ আগত শান্তনু চৌধুৰীয়ে কয়, "মোৰ দেউতাক সকলোৱে চিনি পায়, বঙাইগাঁও সমষ্টিৰ বিধায়ক তেওঁ। দেউতাই মোক পঢ়াৰ খৰচ দিব পাৰে, এডমিশ্যনৰ খৰচ দিব পাৰে, ডাঙৰ কথা নহয়। কিন্তু মই বিচাৰো মই যাতে মোৰ টকাৰে এডমিশ্যন ল'ব পাৰো। দেউতাক যাতে গৌৰৱ অনুভৱ কৰাব পাৰো।"

শান্তনুৱে লগতে কয়, 'কামৰ কোনো সৰু–ডাঙৰ নাই। কাম কামেই। দেউতাই মোক সমৰ্থন কৰিছে। মই যদি নিজৰ খৰচখিনি উলিয়াব পাৰো, দেউতাই নিশ্চয় গৌৰৱ অনুভৱ কৰিব'। 

উল্লেখ্য যে ৮ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ফণীভূষণ চৌধুৰী। 
 

Category