নিৰ্বাচন আয়োগে অসমৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ খচৰা প্ৰকাশ কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণত বিধানসভা-লোকসভা সমষ্টিৰ সংখ্যা কম বা বেছি হোৱা নাই। বিধানসভাত ২৪টা সমষ্টি বিলোপ কৰি গঠন কৰা হৈছে ২৪টা নতুনকৈ সমষ্টি। লগতে লোকসভাতো ৩ টা সমষ্টি বিলোপ কৰি ৩টা নতুনকৈ সমষ্টি গঠন কৰা হৈছে।
প্ৰস্তাৱিত নতুন বিধানসভা সমষ্টি সমূহ হৈছে- দতমা, বাওখুংগৰী, গোৱৰ্ধনা, বাক্সা (ST), মাণিকপুৰ, মন্দিয়া, ৰূপসী, বজালী, টিহু, ভেৰগাঁও, টংলা, ছমৰীয়া, নিউ গুৱাহাটী, মধ্য গুৱাহাটী, ডিমৰীয়া (SC), ৰংখাং (ST), আমৰি (ST), নৰসিংপুৰ (SC), বিন্নাকান্দি, ৰঙানদী, চিচিবৰগাঁও, মাকুম, পবৰ্তঝৰা, আৰু ডিমৌ।
বিলুপ্ত বিধানসভা সমষ্টি সমূহ এনেধৰণৰ- বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব, কোকৰাঝাৰ পশ্চিম(ST), কোকৰাঝাৰ পূব(ST), সৰভোগ, পাটাছাৰকুছি, জনীয়া, বাঘবৰ, সৰুক্ষেত্ৰী, ছয়গাঁও, ধৰ্মপূৰ, বৰমা (ST), চাপাগুৰি (ST), পানেৰী, কলাইগাঁও, ধিং, যমুনামুখ, আমগুৰি, বৈঠালাংছ’(ST), গুৱাহাটী পূৱ, গুৱাহাটী পশ্চিম, থাওৰা, লাহোৱাল, ধলাই (SC)।
প্ৰস্তাৱিত নতুন লোকসভা সমষ্টি সমূহ- দৰং, কাজিৰঙা, শোণিতপুৰ।
বিলুপ্ত লোকসভা সমষ্টি- মঙলদৈ, কলিয়াবৰ, তেজপুৰ
নতুনকৈ সংৰক্ষিত ST সমষ্টি- পশ্চিম গোৱালপাৰা, ৰংখাং, আমৰি, বাক্সা, বকো আৰু তামলপুৰ।
নতুনকৈ সংৰক্ষিত SC সমষ্টি- হাজো , বৰপেটা, ডিমৰীয়া, নাওবৈচা, নৰসিংপুৰ আৰু বিহালী
কোন মন্ত্ৰী-বিধায়কে হেৰুৱাব পাৰে সমষ্টি! জানো আহক-
বিলুপ্ত হোৱা সমষ্টিঃ বিধায়কৰ নাম-
পাটাছাৰকুছি : ৰণজিত কুমাৰ দাস
সৰুক্ষেত্ৰী : জাকিৰ হুছেইন শিকদাৰ
ছয়গাঁও : ৰেকিবুদ্দিন আহমেদ
পূব গুৱাহাটী : সিদ্ধাৰ্থ ভট্টাচার্য
পশ্চিম গুৱাহাটী : ৰমেন্দ্ৰ নাৰায়ণ কলিতা
লাহোৱাল : বিনোদ হাজৰিকা
থাওৰা : সুশান্ত বৰগোহাঁই
আমগুৰি : প্ৰদীপ হাজৰিকা
ধলাই : পৰিমল শুক্লবৈদ্য
পাথাৰকান্দি : কৃষ্ণেন্দু পাল
কাটলিচেৰা : সুজামুদ্দিন লস্কৰ
ধিং : আমিনুল ইছলাম
ধৰ্মপুৰ : চন্দ্ৰমোহন পাটোৱাৰী
বৈঠালাংছ' : ৰূপসিং টেৰাং
জনিয়া : ৰফিকুল ইছলাম
হাওৰাঘাট : দৰসিং ৰংহাং
বৰমা : ভূপেন বড়ো
ছাপাগুৰি : ইউ জি ব্ৰহ্ম
পানেৰী : বিশ্বজিৎ দৈমাৰী
কলাইগাঁও : দুৰ্গাদাস বড়ো
কোকৰাঝাৰ পশ্চিম : ৰবিৰাম নাৰ্জাৰী
কোকৰাঝাৰ পূব : লৰেঞ্চ ইছলাৰী
বাঘবৰ : শ্বেৰমান আলী আহমেদ
সৰভোগ : মনোৰঞ্জন তালুকদাৰ
বিলাসীপাৰা পূব : চামচুল হুদা
বিলাসীপাৰা পশ্চিম : হাফিজ বচিৰ আহমেদ কাছিমী
অভয়াপুৰী দক্ষিণ : আব্দুল বাতেন খণ্ডকাৰ
অভয়াপুৰী পশ্চিম : প্ৰদীপ সৰকাৰ
- Log in to post comments