''৭০০ টকা ইমানো বেছি ধনৰাশি নহয়''- নামঘোষাৰ প্ৰসংগত কৰ্মাচ কলেজৰ অধ্যক্ষ হোমেশ্বৰ কলিতাৰ প্ৰতিক্ৰিয়া

GCC

প্ৰসংগঃ গুৱাহাটী কমাৰ্চ কলেজৰ নামভৰ্তিৰ সময়ত নামঘোষাৰ বাবদ মাচুল আদায় ৷ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰা আদায় লোৱা হৈছে ৭০০ টকাকৈ মাচুল ৷ সামাজিক মাধ্যমত এই বাতৰি চৰ্চিত হৈ পৰাৰ পিছতে কৰ্মাচ কলেজৰ অধ‍্যক্ষ হোমেশ্বৰ কলিতাৰ প্ৰতিক্ৰিয়া। হোমেশ্বৰ কলিতাৰ ভাষ্য-''গ্ৰন্থখনক আমাৰ মহাবিদ্যালয়ৰ জৰিয়তে বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস। আমি মাধৱদেৱৰ কালজয়ী ৰচনাৰাজীকো সন্মান জনাব লাগিব। আমি ৰূপায়ণ কৰা এইখন এখন ইংৰাজীলৈ অনুবাদিত গ্ৰন্থ। অন‍্য ধৰ্মৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত গ্ৰন্থখন অধ্যয়নৰ বাধ্যবাধকতা নাই। কোনো শিক্ষাৰ্থীক গ্ৰন্থখন অধ্যয়নৰ বাবে নিৰ্দেশ জাৰী কৰা নাই। লগতে কয়-"৭০০ টকা ইমানো বেছি ধনৰাশি নহয়''। সকলো শিক্ষাৰ্থীয়ে ক্ৰয় কৰিব পৰা এখন গ্ৰন্থ। কলেজৰ ৰিচাৰ্চ এণ্ড ডেভলেপমেণ্ট চ'ছাইটিয়ে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থহে এইখন''। 

Category