'তুমি গুৰু কলা গুৰু', কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক মৃত্যুবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণিপাত।

Rabha

আজি ২০ জুন। প্ৰতি বছৰে ২০ জুনৰ দিনটো ৰাভা দিৱস হিচাপে পালন কৰি অহা হৈছে। অসমৰ সমাজ জীৱনলৈ বহু অৰিহণা আগবঢ়াই থৈ যোৱা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে ২০ জুন তাৰিখে তপুৰাভা দিৱস পালন কৰা হয়। ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২.২৫ বজাত তেজপুৰত এইগৰাকী মহান ব্যক্তিয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল।

অসমীয়া জাতীয় জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা এইগৰাকী ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা 'নটৰাজ' নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' সন্মান প্ৰদান কৰিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু। বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল।  অসমৰ লোক-সংস্কৃতিলৈ কলাগুৰুৰ অৱদান অপৰিসীম। প্ৰত্যেক গৰাকী অসমীয়াৰ মাজত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সদায়েই অমৰ হৈ থাকিব। 
 

Category