প্ৰায়ে বিতৰ্কত থকা শৰ্মাক আটক কৰিলে আৰক্ষীয়ে। দিছপুৰ আৰক্ষীয়ে আটক কৰে শিখা শৰ্মাক। হত্যাৰ বলি হোৱা বিজেপি নেত্ৰী জোনালী নাথক লৈ ফেচবুকত অশালীন মন্তব্য কৰিছিল শিখা শৰ্মাই। সামাজিক মাধ্যমত প্ৰয়াত জোনালী নাথৰ বিৰুদ্ধে শিখা শৰ্মাই যথেষ্ট অশালীন আৰু অপমানজনক মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিছিল একাংশ লোক। এই সন্দৰ্ভত ৰাজ্যিক মহিলা আয়োগে আৰক্ষী সঞ্চালকপ্ৰধানক অভিযোগ দিয়াৰ পিছতে দুগৰাকী সমাজসেৱী মহিলায়ো দিছপুৰ থানাত শিখা শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ৷
এজাহাৰৰ ভিত্তিত শিখা শৰ্মাক ঘৰৰ পৰা আটক কৰে দিছপুৰ আৰক্ষীয়ে।
- Log in to post comments