অসুৰক্ষিত মহানগৰবাসী! মালিগাঁৱত নিৰ্মীয়মান উৰণীয়া সেঁতুৰ পৰা মানুহৰ গাত সৰি পৰিল প্ৰকাণ্ড লোহাৰ প্লেট

Flyover

অসুৰক্ষিত মহানগৰবাসী। মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেঁতুত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নিৰ্মীয়মান উৰণীয়া সেঁতুৰ পৰা মানুহৰ গাত সৰি পৰিল প্ৰকাণ্ড লোহাৰ প্লেট। ঘটনাক লৈ মালিগাঁৱত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। প্ৰাগজ্যোতিষ চিনেমা হলৰ সন্মুখত সংঘটিত হৈছে এই দুৰ্ঘটনা।

ভয়ংকৰ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় দুজন লোক। আঘাতপ্ৰাপ্ত দুয়ো নিৰ্মাণকাৰ্যৰ লগত জড়িত শ্ৰমিক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় এখন বাহনো। আঘাতপ্ৰাপ্ত দুয়োকে অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Category
Profile picture for user UB Photos