শক্তিপীঠ কামাখ্যা ধামত এতিয়া অম্বুবাচীক লৈ চলিছে ব্যাপক প্ৰস্তুতি। দেশ-বিদেশৰ ভক্তক আদৰিবলৈ সাজু কামাখ্যা দেৱালয়। ২২ জুনৰ নিশা ২.৩০ বজাত অম্বুবাচীৰ প্ৰবৃত্তি। ২৩ জুনৰ পৰা ২৫ জুনলৈকৈ বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ। ২৬ জুনৰ নিবৃত্তি উপলক্ষে নিত্য পূজাৰ পাছত খুলি দিয়া হ'ব কামাখ্যাৰ দুৱাৰ।
প্ৰত্যেকবাৰৰ দৰে এইবাৰো অম্বুবাচী মেলাক লৈ গ্ৰহণ কৰা হৈছে কেতবোৰ বিশেষ ব্যৱস্থা। ২৬ জুনত VIP–VVIPৰ বাবে নাথাকিব কোনো ব্যৱস্থা। অম্বুবাচীৰ দিনকেইটাত পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈহে নীলাচলত প্ৰৱেশ কৰিব পাৰিব ভক্তসকলে। নিশা ৯ বজাৰ পিছত প্ৰৱেশ কৰিব নোৱাৰিব কোনো ভক্ত। উল্লেখ্য যে, এইবাৰ অম্বুবাচীৰ সময়ছোৱাত খুলি দিয়া হ'ব নৱনির্মিত পাণ্ডু-কামাখ্যা নতুন পথ। ভক্তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি খুলি দিয়া হ'ব এই পথটো। ২২ জুনত সোণাৰাম খেলপথাৰত অনুষ্ঠিত হ'ব অম্বুবাচী মেলাৰ শুভাৰম্ভণি অনুষ্ঠান। পাণ্ডু প'ৰ্ট, সোণাৰাম খেলপথাৰ, কামাখ্যা ৰে'ল ষ্টেচনত সাজু কৰা হ'ব ভক্তৰ বাবে শিবিৰ।
অম্বুবাচীৰ সময়ত কামাখ্যাৰ পথত ভক্তসকলৰ বাবে পানীয়ৰ বাহিৰে যোগান ধৰিব নোৱাৰিব অন্য খাদ্য সামগ্ৰী। জোতা-চেণ্ডল খুলি কামাখ্যা মন্দিৰলৈ ভক্তক আহিবলৈ আহ্বান।
অম্বুবাচী মেলা উপলক্ষে, নিৰাপত্তাৰ বাবে স্থাপন কৰা হ'ব ৪০০ৰো অধিক CCTV। স্কাউট-গাইড, NCCৰ বহুসংখ্যক স্বেচ্ছাসেৱকে ভক্তক সেৱা আগবঢ়াব।
বিগত বৰ্ষৰ দৰে এইবাৰো নাৰ্ছাৰীৰ পৰা কামাখ্যা মন্দিৰলৈ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বয়োজ্যেষ্ঠ লোক, বিশেষভাৱে সক্ষম লোক তথা জৰুৰী সেৱাৰ বাবে থাকিব ফেৰী, কাৰৰ ব্যৱস্থা। তদুপৰি, কামাখ্যা মন্দিৰলৈ যোৱা সমগ্ৰ পথছোৱাত কাৰ্পেট পাৰি দিয়া হ'ব বুলিও জানিব পৰা গৈছে।
- Log in to post comments