গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰত অঘটন। শোধানাগাৰ ভিতৰৰ Nikon কোম্পানীৰ প্ৰজেক্ট site ত সংঘটিত হ'ল ভয়ংকৰ অঘটন। শোধনাগাৰৰ ভিতৰত Nikon project site ৰ Foundation ৰ গাঁত খান্দি থকা অৱস্থাত মাটি খহি নিহত হল এজন ঠিকা ভিত্তিক শ্ৰমিক আৰু গুৰুতৰ ভাৱে আহত এজন শ্ৰমিক। আহত শ্ৰমিকজনক বামুণী মৈদাম স্থিত East End Nursing Home হাস্পতালত ভৰ্তি কৰোৱা হৈছে। গাঁত খান্দি থাকোতে তিনি জনকৈ শ্ৰমিক সোমাই গৈছিল গাঁতত। মৃত শ্ৰমিক জনৰ নাম কৰিম আলী। শ্ৰমিক জনৰ ঘৰ মৰিগাঁওত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আন এজন শ্ৰমিক নিখোজ হৈ থকাৰো সন্দেহ কৰা হৈছে। জানিব পৰা অনুসৰি শ্ৰমিকৰ সুৰক্ষাৰ ক্ষেত্ৰত হোৱা গাফিলতি নোহোৱা কৰিবলৈ শোধনাগাৰ কৰ্তৃপক্ষক দাবী জনায় আহিছিল যদিও কাণ দিয়া নাছিল কৰ্তৃপক্ষই। বৰষুণৰ বতৰত কাম কৰিব নালাগে বুলি শ্ৰমিক সকলে কৈ আহিছিল যদিও কাম কৰিবলৈ বাধ্য কৰিছিল শোধনাগাৰ কৰ্তৃপক্ষ আৰু NICON নামৰ কোম্পানীটোৱে।
- Log in to post comments