কেৰালাৰ এজন যুৱকে খোজকাঢ়ি ছৌদি আৰৱৰ মক্কালৈ গৈ পৱিত্ৰ হজ যাত্ৰা সম্পূৰ্ণ কৰিবলৈ পদক্ষেপ হাতত লৈছিল। শ্বিহাব চোট্টুৰ নামৰ যুৱকজনে ৩৭০ দিনত প্ৰায় ৮,৬৪০ কিলোমিটাৰ দূৰত্ব খোজকাঢ়ি অতিক্ৰম কৰি মক্কাত উপস্থিত হৈছে। পাকিস্তান, ইৰাণ, ইৰাক আৰু কুৱেইটৰ মাজেৰে খোজকাঢ়ি গৈ অৱশেষত ছৌদি আৰৱৰ মক্কাত উপস্থিত হ'ল শ্বিহাব।
উল্লেখ্য যে, ২০২২ চনৰ ২ জুনত কেৰালাৰ মালাপ্পুৰম জিলাৰ ভেলানচেৰীৰ পৰা যাত্ৰা আৰম্ভ কৰি শ্বিহাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজেৰে খোজ কাঢ়ি গৈ পাকিস্তানৰ প্ৰৱেশ পইণ্ট ৱাঘা সীমান্তত উপস্থিত হৈছিল। কিন্তু ভিছা নথকাৰ বাবে তেওঁক পাকিস্তান ইমিগ্ৰেচন কৰ্তৃপক্ষই ৱাঘা সীমান্তত ৰখাই থয়। ট্ৰেনজিট ভিছা ল'বলৈ শ্বিহাবে ৱাঘা সীমান্তৰ এখন স্কুলত কেইবামাহো অপেক্ষা কৰিবলগীয়া হৈছিল। অৱশেষত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত শিহাবে ট্ৰেনজিট ভিছা লাভ কৰিবলৈ সক্ষম হয় আৰু পাকিস্তানৰ মাজেৰে পুনৰ যাত্ৰা আৰম্ভ কৰে। তেওঁ সীমান্ত অতিক্ৰম কৰি ইৰাণ, ইৰাক, কুৱেইটৰ দৰে দেশসমূহ পাৰ হৈ মে' মাহৰ দ্বিতীয় সপ্তাহত ছৌদি আৰৱৰ সীমান্তত উপনীত হয়। ছৌদি আৰৱত প্ৰৱেশ কৰাৰ পিছত তেওঁ প্ৰথমে ইছলাম ধৰ্মৰ পৱিত্ৰ তীৰ্থস্থান মদিনা ভ্ৰমণ কৰে আৰু মক্কালৈ যোৱাৰ পূৰ্বে তাত ২১ দিন কটায়।
তেওঁ মাত্ৰ ৯ দিনৰ ভিতৰত মদিনা আৰু মক্কাৰ মাজৰ ৪৪০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। মক্কাত শ্বিহাবে কেৰালাৰ পৰা অহা তেওঁৰ মাতৃ জৈনাবাক লগ ধৰিব আৰু তেওঁলোকে একেলগে হজ যাত্ৰাত অংশ ল'ব।
- Log in to post comments