গণেশগুৰিৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ AK CONSTRUCTION ৰ পৰিচালক বি বালাজিক

Priya

বৃহস্পতিবাৰে গুৱাহাটীৰ গণেশগুৰিত জাইকাৰ গাঁতৰ মাটিৰ দ'মত খুন্দিয়াই এগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। ভগ্নীৰ সৈতে স্কুটীৰে স্কুললৈ গৈ থকাৰ সময়তে মাটিৰ দ'মত খুন্দা খাই এখন বাছৰ তলত সোমাই গৈছিল স্কুটীখন। যাৰ ফলত প্ৰিয়া কুমাৰী নামৰ একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে কৰুণভাৱে মৃত্যুক সাবটি লয়। আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে AK CONSTRUCTION ৰ পৰিচালক বি বালাজিক। নাৰেংগীত গ্ৰেপ্তাৰ পৰিচালক গৰাকীক। বালাজিয়ে যানবাহন আৰক্ষীৰ শাখাৰ পৰা অনুমতি লোৱা নাছিল। অনুমতি লোৱা নাছিল লোক নিৰ্মান বিভাগৰো। দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে পৰিচালক গৰাকীক। বালাজীৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছিল গোচৰ। 

Category
Profile picture for user UB Photos