মূৰৰ ওপৰেদি চলি গ'ল বাছ, জাইকাৰ গাঁতৰ বাবেই প্ৰাণ গ'ল স্কুলীয়া ছাত্ৰীৰ।

Accident

জাইকাৰ মৰণফান্দৰূপী গাঁতৰ বাবেই মহানগৰীত শোকাৱহ দুৰ্ঘটনা। জাইকাৰ গাঁতে প্ৰাণ ল'লে এগৰাকী মেধাৱী ছাত্ৰীৰ। স্কুল বাছৰ খুন্দাত থিতাতে মৃত্যু হয় একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ। বায়েকৰ সৈতে স্কুটীৰে স্কুললৈ আহি থকাৰ সময়তে স্কুল বাছে মহতিয়াই নিয়ে স্কুটীখন। যাৰ ফলত থিতাতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ। নিহত ছাত্ৰীগৰাকীৰ নাম প্ৰিয়া কুমাৰী। ছাত্ৰীগৰাকীৰ ঘৰ হেঙেৰাবাৰীত। লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী আছিল প্ৰিয়া। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰিয়াৰ বায়েকো। ৰয়েল গ্ল'বেল স্কুলৰ এখন বাছে পিছফালৰ পৰা খুন্দা মাৰে। ৰয়েল গ্ল'বেল স্কুলৰ ১৫ নম্বৰ বাছখনে স্কুটীখনত খুন্দা মৰাৰ পিছত ছাত্ৰীগৰাকীৰ মূৰৰ ওপৰেৰে উঠি যায় বাছখন। দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে বাছসহ চালকজনে পলায়ন কৰে যদিও পিছত বশিষ্ঠ থানাত আত্মসমৰ্পণ কৰে। 

প্ৰত্যক্ষদৰ্শীৰ অভিযোগ, 'পথৰ কাষত খান্দি থোৱা জাইকা গাঁতৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বহুসংখ্যক স্থানীয় লোক। স্থানীয় লোকৰ অভিযোগ মতে, গাঁত খন্দা স্থানত নাই কোনো ধৰণৰ বেৰিকেড। 

Category
Profile picture for user UB Photos