সমাপ্তি ঘটিল উৎকণ্ঠাৰ। আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। ফলাফলত জিলিকিল ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী। বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত সৰ্বাধিক বাক্সা, ধেমাজি আৰু পশ্চিম কাৰ্বি আংলঙ জিলাৰ উত্তীৰ্ণৰ হাৰ বেছি। কলা শাখাত ধেমাজি জিলাত উত্তীৰ্ণৰ হাৰ ৯০.৭৪% , দ্বিতীয় স্থানত নলবাৰী জিলা ৷ নলবাৰী জিলাৰ উত্তীৰ্ণৰ হাৰ ৮৮.৮৩%, শিৱসাগৰত ৮৬.৮৪%, যোৰহাটত ৮০.৫৪% ৷ কলা শাখাত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ কাৰ্বি আংলং জিলাৰ ৷ কাৰ্বি আংলঙৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫১.৯৩%, ধুবুৰী ৫২.৩৮%, ওদালগুৰি ৫৩.৪৯%, আৰু কাছাৰত ৫৩.৯২% ৷
বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত বাক্সা জিলা, তালিকাৰ শেষত আছে ডিমা হাচাও ৷ বাক্সা জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৫.৬৯%, শিৱসাগৰৰ ৯৪.৮০%, নলবাৰীৰ ৯৪.৬১%, যোৰহাটত ৯০.৭২% ৷ নিম্ন স্থানত থকা ডিমা হাচাওৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৮.৩৮%।
আনহাতে বাণিজ্য শাখাত ৯৭.১৮% উত্তীৰ্ণৰ হাৰৰে শীৰ্ষত আছে পশ্চিম কাৰ্বি আংলং ৷ ৯৬.৭১%ৰে দ্বিতীয় স্থানত নলবাৰী, ৯৪.৪৪%ৰে তৃতীয় স্থানত আছে দক্ষিণ শালমৰা, ৯৩.০১শতাংশৰে চতুৰ্থত বাক্সা আৰু পঞ্চমত আছে ধেমাজি জিলা ৷ ধেমাজী জিলাত বাণিজ্যত উত্তীৰ্ণৰ হাৰ ৯২.৫৩% ৷ বাণিজ্য শাখাতো সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ডিমা হাচাও জিলা। জিলাখনত উত্তীৰ্ণৰ হাৰ মাত্ৰ ৪৭.৯৫% ৷
- Log in to post comments