পিতৃয়ে ঘৰে ঘৰে বিক্ৰী কৰে মচলা, মাতৃয়েও কৰে আনৰ ঘৰুৱা কাম, কন্যাই লাভ কৰিলে অসমৰ ভিতৰতে ষষ্ঠ স্থান।

HS RESULT

আজি ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিকৰ ফলাফল। ফলাফলত জিলিকি উঠিছে শিক্ষাৰ্থীসকল। কিন্তু বাণিজ্য বিভাগত ষষ্ঠ স্থান দখল কৰা নন্দিতা দাসে দৃষ্টি কাঢ়িছে অসমবাসীৰ।  যোৰহাটৰ নন্দিতা দাস হৈ পৰিছে বহুতৰে বাবে অনুপ্ৰেৰণাৰ উৎস। পিতৃয়ে মানুহৰ ঘৰে ঘৰে মচলা বিক্ৰী কৰি লাভ কৰা সামান্য পৰিমাণৰ উপাৰ্জনেৰে অতি কষ্টৰ মাজেৰে নন্দিতাই অধ্যয়ন কৰিছিল। 

এখন দুচকীয়া বাহনত মচলাৰ বেগসমূহ লৈ যোৰহাটৰ অলিয়ে–গলিয়ে মচলা বিক্ৰী ফুৰা নন্দিতাৰ পিতৃ ৰাজু দাস বহুতৰে মাজত পৰিচিত। বৰভেটা নাওশলীয়া গাঁৱৰ এটা ভাড়াঘৰত থকা ৰাজু দাসৰ পত্নীয়েও আনৰ ঘৰত ঘৰুৱা কামত সহায় কৰি দি কিছু উপাৰ্জন কৰে। 

এটা সৰু ভাড়াঘৰত পঢ়ি উচ্চতৰ মাধ্যমিকৰ প্ৰস্তুতি চলাই গৈছিল নন্দিতাই। আন বহু ছাত্ৰ-ছাত্ৰীৰ তুলনাত অতি সীমিত সুবিধাৰ মাজেৰে পঢ়িছিল নন্দিতাই। নন্দিতাৰ কৃতিত্বত গৌৰাৱান্বিত অঞ্চলবাসী। অতি কষ্টৰ মাজেৰে সফলতা অৰ্জন কৰা  নন্দিতা হৈ পৰিছে সকলোৰে বাবে এক অনুপ্ৰেৰণা।

Category