প্ৰচণ্ড ৰদৰ প্ৰকোপত অসম। উৎকট গৰম সহ্য কৰিব নোৱাৰি তেজপুৰৰ শোণিতপুৰ জাতীয় বিদ্যালয়ৰ ১১ গৰাকীকৈ শিক্ষাৰ্থী পাঠদান চলি থকা সময়তে ঢলি পৰে। বিদ্যালয়খনৰ সপ্তম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী ইজনৰ পিছত সিজনকৈ মূৰ ঘূৰাই পৰি যাবলৈ ধৰাত বিদ্যালয়খনত হুৱা দুৱা লাগে। বিদ্যালয় কৰ্তৃপক্ষই ততাতৈয়াকৈ অভিভাৱকক খবৰ দিয়ে আৰু শিক্ষাৰ্থী কেইজনক ওচৰতে থকা গ্যেট সুখদা হাস্পতাললৈ প্ৰেৰণ কৰে। চিকিৎসকে অধিক গৰমৰ বাবেই এই অৱস্থা হৈছে বুলি জানিবলৈ দিয়ে।
Category
- Log in to post comments