আজি মুক্তি পোৱাৰ কথা আছিল বহু অপেক্ষিত ছবি 'শ্ৰীৰঘুপতি'। কিন্তু বৃহস্পতিবাৰে ন্যায়ালয়ে শ্ৰীৰঘুপতিৰ মুক্তিত অনিৰ্দিষ্টকালৰ বাবে নিষেধাজ্ঞা জাৰি কৰিলে।ইতিমধ্যে বৃহস্পতিবাৰে ছবিখনৰ প্ৰিমিয়াৰ শ্ব' অনুৰাধা ছবিগৃহত অনুষ্ঠিত হৈ যায়।
জানিব পৰা অনুসৰি চিনেমাখনৰ পূৰ্বৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে চুক্তি উলংঘা কৰা হৈছে। সেয়ে তেওঁৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যয়াধীশ আদালতত এই সম্পৰ্কত তৰিছিল গোচৰ। গোচৰৰ শুনানিৰ অন্তত আজি মুক্তি পাবলগীয়া চলচ্চিত্ৰখনৰ মুক্তিত বাধা আৰোপ কৰা হৈছিল।
শেহতীয়াকৈ আজি আদালতত উপস্থিত হৈছে 'ৰঘুপতি'ৰ লীগেল টীম। ছবিখন মুক্তিক লৈ আদালতৰ স্থগিতাদেশ আঁতৰিব নে নাই সেয়া এতিয়াও স্পষ্ট নহয়। ইয়াৰ বিপৰীতে ছবিখনৰ প্ৰযোজকৰ লগতে অভিনেতা–অভিনেত্ৰীসকল আশাবাদী যে মুক্তিৰ সপক্ষে আহিব আদালতৰ ৰায়।
- Log in to post comments