বহু অপেক্ষিত ছবি 'শ্ৰীৰঘুপতি'ৰ মুক্তিত অনিৰ্দিষ্টকালৰ বাবে নিষেধাজ্ঞা ন্যায়ালয়ৰ। ২জুনত সমগ্ৰ দেশত মুক্তিলাভ কৰাৰ কথা আছিল ৰবি শৰ্মা অভিনীত 'শ্ৰী ৰঘুপতি'ছবি খনে।
জানিব পৰা অনুসৰি চিনেমাখনৰ পূৰ্বৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে চুক্তি উলংঘা কৰা হৈছে। সেয়ে তেওঁৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যয়াধীশ আদালতত এই সম্পৰ্কত তৰিছিল গোচৰ।
এই গোচৰৰ শুনানি গ্ৰহণ কৰিয়েই ন্যায়ালয়ে চিনেমাখন মুক্তিত বাধা প্ৰদান কৰিছে। জানিব পৰা মতে অনিৰ্দিষ্টকালৰ বাবে ন্যায়ালয়ে এই চিনেমাখনৰ মুক্তিত বাধা প্ৰদান কৰিছে।
- Log in to post comments